বনভোজ খাবলৈ যোৱাত বাধা দিয়াৰ বাবেই চিপ লৈ আত্মহত্যা কলেজীয়া ছাত্ৰী

পিতৃয়ে বনভোজ খাবলৈ নিদিয়াৰ বাবেই এগৰাকী কলেজীয়া ছাত্ৰীয়ে চিপ লৈ আত্মহত্যা কৰে। এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকুৱাৰীৰ বিষ্ণু নগৰত । মহানগৰী পাথৰ কুৱাৰী বিষ্ণু নগৰৰ বাসিন্দা তৰুণ শইকীয়াৰ কন্যা ভায়লিনা শইকীয়াই (১৯) গুৱাহাটী কলেজৰ কলা শাখাৰ স্নাতকৰ প্ৰথম সন্মাষিকত অধ্যয়ন কৰি আছিল।ছাত্ৰী ভায়লিনা শইকীয়াই দেওবাৰে সতীৰ্থ ছাত্র ছাত্ৰীৰ লগত পানীখাইটিৰ হাতীশিলালৈ বনভোজ খাবলৈ যাব বিচাৰিছিল। নিৰাপত্তাৰ দোহাই দি পিতৃ তৰুণ শইকীয়াই কন্যাক বনভোজ যাবলৈ বাধা প্ৰদান কৰে। ইয়াতে খড়্গহস্ত হৈ ভায়লিনাই ঘৰতে নিজকে আবদ্ধ কৰি ৰাখিছিল । দিনৰ ভাগত ঘৰৰ আটায়ে কৰ্তব্য স্থলীলৈ যোৱাত ঘৰত কোনো নথকাৰ সুযোগ লৈ ভায়লিনাই স্নানাগাৰত চিপ লৈ আত্মহত্যা কৰে। বিয়লি পিতৃ কৰ্তব্য সমাধা কৰি ঘৰলৈ উভতি আহি স্নানাগাৰত কন্যা ভায়লিনাৰ মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰি স্বৰৰ্গ ভাঙি পৰা যেন অনুভৱ কৰে। ঘটনা সন্দৰ্ভত পিতৃয়ে নুনমাটি থানাত খবৰ দিয়ে । আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতাদেহটো উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰন কৰে। অমায়িক স্বভাৱৰ ছাত্ৰী গৰাকীৰ আকস্মিক মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছা পৰিছে। ইপিনে ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ ঘটনা এক হত্যাকাণ্ড হব পাৰে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।