Local, Vocal, Global

বড়ো সাহিত্য সভাৰ অধিৱেশনৰ সফল  সামৰণি


 নিউজ ডেস্কঃ
কোকৰাঝাৰ জিলাৰ বালাজান তিনিআলীৰ গৌৰাং মিছনৰ খেলপথাৰত  দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা  বড়ো সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ ৪৭ তম বাৰ্ষিক অধিবেশন আৰু দেৱৰগাঁও প্ৰাথমিক বড়ো সাহিত্য সভাৰ ৪০ তম বাৰ্ষিক অধিবেশনৰ দেওবাৰে সফল সামৰণি পৰে । কালিৰে পৰা আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ বৰ্ণাঢ্য কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰি কাৰ্যসূচীৰ সফল সমাপ্তি ঘটায় ।

জিলা বড়ো সাহিত্য সভাৰ অন্তিম দিনৰ আজিৰ মুকলি সভাৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয়  সভাপতি তৰেন বড়োৱে কয় যে বৰ্তমানৰ ইনফৰমেচন টেকনোলজি আৰু ডিজিটেল যুগত বড়ো ভাষা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু সেই প্ৰত্যাহ্বান নেওঁচি বড়ো ভাষাক কেনেকৈ উন্নতিৰ শিখৰলৈ নিব পাৰি তাৰে প্ৰচেষ্টা বড়ো সাহিত্য সভাই কৰি আছে বুলি মন্তব্য কৰে । ১৯৫২ চনৰ পৰাই বড়ো সাহিত্য সভাই বড়ো ভাষাকে ধৰি আন বিভিন্ন সমস্যাৰ হকে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰি আহিছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ জনজাতীয় স্বীকৃতিপ্ৰাপ্ত ভাষা হিচাপে সংবিধানৰ অষ্টম অনুসূচীত স্থান লাভ কৰিছে ।

ৰাজ্যত সহযোগী ভাষা হিচাপে স্বীকৃতি লাভ কৰা বড়ো ভাষাৰ প্ৰসাৰৰ বাবে চৰকাৰৰ  সৈতে আলাপ আলোচনা চলি আছে।ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ চুক্তিৰ ৬.৩ নং দফা ৰূপায়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে । বিবি ইঞ্জিনিয়াৰিং কলেজক কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰূপে উন্নীতকৰণ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাচ ওদালগুৰীত স্থাপনৰ বিষয়েও চৰকাৰৰ সৈতে আলাপ আলোচনা চলি আছে আৰু অতি শীঘ্ৰেই সেয়া ৰূপায়ণ হব বুলি মন্তব্য কৰি তৰেন বড়োৱে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন হলে বড়ো ভাষা মাধ্যমক কেনেদৰে ৰক্ষণাবেক্ষন দিব পাৰি তাৰ বিষয়েও চিন্তা -চৰ্চা আৰু কাৰ্যপন্থা সাজু কৰিছে।

ইপিনে পদ্মশ্ৰী , সাহিত্য একাডেমী বঁটাপ্ৰাপক ড° মঙ্গলসিং হাজোৱাৰী অধিবেশনত উপস্থিত থাকি বড়ো ভাষাৰ প্ৰচাৰ , প্ৰসাৰ আৰু উন্নয়নত বড়ো সাহিত্য সভাৰ অৱদান অতুলনীয় বুলি মন্তব্য কৰিছে । অকল ভাষাই নহয় বড়ো জাতীয় সমস্যা সমাধানৰ ক্ষেত্ৰতো বড়ো সাহিত্য সভাই উল্লেখনীয় ভূমিকা পালন কৰিছে বুলি মন্তব্য কৰে পদ্মশ্ৰী , সাহিত্য একাডেমী বঁটাপ্ৰাপক ড° মঙ্গলসিং হাজোৱাৰীৱে। কোকৰাঝাৰ বড়ো সাহিত্য সভাৰ  মুকলি সভাত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী সহ আন বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে,  মুকলি অধিবেশনৰ মঞ্চতে কোকৰাঝাৰ আৰু দেৱৰগাঁও প্ৰাথমিক বড়ো সাহিত্য সভাৰ দুখন স্মৃতিগ্ৰন্থও উন্মোচন কৰাৰ লগতে আন কেবাখনো গ্ৰন্থ উন্মোচন কৰা হয় ।