বটদ্ৰৱাত উদ্ধাৰ নিচা জাতীয় সামগ্ৰী !

এইবাৰ পানীৰ টেংকিত উদ্ধাৰ নিচা জাতীয় সামগ্ৰী দেওবাৰে পুৱা ১০ বজাত এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰৱা আৰক্ষীয়ে ৰাম পুৰ সত্রৰ পৰা ১৬তাকৈ নিচা জাতীয় কফ চিৰাপৰ বটলৰ উদ্ধাৰ কৰে। লগতে এজনক আটক কৰে ।আটক কৰা লোক জনৰ নাম ৰামপুৰ সত্রৰ নিবাসী আব্দুল জলিল।জানিব পৰা মতে জলিল এখন ফাৰ্মাচীৰ স্বত্বাধীকাৰি ।তেওঁ কফ চিৰাপৰ বটল বোৰ ফাৰ্মাচীৰ পৰা আতঁৰত থকা এটা পানী টেংকিত লুকুবাই থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। বৰ্তমান লোক জনক অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।