ফিলিপাইনত ধুমুহাৰ তাণ্ডৱ,৭৫ জন লোকৰ মৃত্যু
গুৱাহাটী:ভয়ংকৰ ধুমুহাৰ কবলত পৰিছে ফিলিপাইন।বৰ্তমানলৈকে ধুমুহাৰ কবলত প্ৰাণ হেৰুৱালে ৭৫গৰাকী লোকে।বৰ্তমানো সন্ধানহীন হৈ আছে ১০ গৰাকী লোক।
ধুমুহাৰ কবলত পৰা ঠাইৰ পৰা ইতিমধ্যে প্ৰায় ৩ লাখ লোকক স্থানান্তৰ কৰা হৈছে।পানী আৰু খাদ্যৰ সংকটত পৰিছে বহু লোক কেইবাদিনো ধৰি বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে বৃহৎ অঞ্চলত।বহু লোক আঘাত পাই হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে।