Local, Vocal, Global

পৰিবেশ দিৱসৰ দিনাই পৰিৱেশ সুৰক্ষাৰ দাবীত উত্তাল গোলাঘাট

বিশ্ব পৰিবেশ দিৱসৰ দিনাই দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ খনৰৰ বিৰূদ্ধে প্ৰতিবাদ। গোলাঘাট আৱৰ্ত ভৱনৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।  সামাজিক দূৰত্ব বজাই ৰাখি, মানৱ শৃংখল গঢ়ি হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে। বৰ্ষাৰণ্য দিহিং -পাটকাইত কয়লা খননৰ বিৰোধিতা কৰি বিজেপি চৰকাৰে কু-চক্ৰান্তৰে ৰাইজক বিপথে পৰিচালিত কৰিছে বুলি অভিযোগ প্ৰতিবাদকাৰী সকলৰ। কৃষক নেতা অখিল গগৈক চক্ৰান্ত কৰি কাৰাগাৰত আৱদ্ধ কৰি ৰাখিছে বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃ বৃন্দই। অতি শীঘ্ৰেই অখিল গগৈক মুক্তি দিবলৈ দাবী জনোৱাৰ লগতে দিহিং পাটকাই অভয়াৰণ্যত কয়লাৰ মুক্ত খননৰ অতি শীঘ্ৰে বন্ধ কৰিবলে দাবী জনায়।