প্ৰধানমন্ত্ৰীৰ সুস্বাস্থ্য কামনাৰে উগ্ৰতাৰা দেৱালয়ত পূজা অৰ্চনা মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, ৬ জানুৱাৰীঃ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পাঞ্জাৱ চৰকাৰৰ দ্বাৰা নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ব্যৰ্থতাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত চলিত বৰ্ষৰ ৬ জানুৱাৰীত বিয়লি ৩.৩০ বজাত উজানবজাৰৰ উগ্ৰতাৰা দেৱালয়ত পূজা-অৰ্চনাৰ আয়োজন কৰে। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।
ইয়াৰ লগতে নগাঁৱত মহামৃত্যুঞ্জয় মন্দিৰত মহাযজ্ঞৰ আয়োজনেৰে বঢ়মপুৰৰ বিজেপিৰ বিধায়ক জিতু গোস্বামীয়ে প্ৰধানমন্ত্ৰীৰ শতায়ু কামনাৰে যজ্ঞ কৰে।