Local, Vocal, Global

প্ৰধানমন্ত্ৰীৰ ঘোষণা-দেশত বন্ধ হ’ব এবাৰ ব্যৱহৃত প্লাষ্টিক

নিউজ ডেস্ক,১২ ফ্ৰেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘One Ocean Summit’তৰ এখন ভাৰ্চুৱেলৰ  সন্মিলনত অংশগ্ৰহণ কৰি কয় যে-ভাৰতে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক শেষ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই সন্মিলনত তেঁও কয় যে, ভাৰতে ইতিমধ্যে উপকূলীয় অঞ্চলৰ পৰা প্লাষ্টিক অথবা অন্যান্য জাবৰ চাফ কৰাৰ বাবে ৰাষ্ট্ৰীয় অভিযান চলাইছে। তদুপৰি ভাৰতৰ ৩ লাখ যুৱক-যুৱতীয়ে ইতিমধ্যে ১৩ টন প্লাষ্টিক জমা কৰিছে।
           এই সন্মিলনত মোডীয়ে কয় যে,’আমি নৌসেনা  সকলক সাগৰৰ পৰা পেলনীয়া প্লাষ্টিক চাফ কৰিবলৈ বিশেষ নিৰ্দেশ দিছো”। লগতে তেঁও কয় যে, এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ফ্ৰাঞ্চৰ সৈতে যোগদান কৰিব।
         উল্লেখ্য যে, ৯ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১১ ফ্ৰেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰসংঘ আৰু বিশ্ব বেংকৰ সহযোগত ফ্ৰান্সে “এক মহাসাগৰ সন্মিলন” আয়োজন কৰিছে। এই সন্মিলনত নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব।