Local, Vocal, Global

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক মন্ত্ৰী পীয়ূষ হাজৰিকাৰ কটাক্ষ

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কবিতাক লৈ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ প্ৰতিক্ৰিয়া।সভাপতিগৰাকীক কটাক্ষ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়,”ভূপেন বৰা হৈছে পানী নোহোৱা ফায়াৰ ব্ৰিগ্ৰেড আৰু পানী নথকাকৈ জুই কেনেকৈ নুমুৱাব। কাৰণ তেওঁ জানে যে তেওঁ আৰু কোনো নিৰ্বাচনত জিকিব নোৱাৰে।তিনিটা নিৰ্বাচনত তেওঁ ক্ৰমান্বয়ে হাৰিছে। ভূপেন বৰা এজন ফেইলড পলিটিচিয়ান।”

লগতে মন্ত্ৰীগৰাকীয়ে প্ৰশংসাসূচক মন্তব্যও ভূপেন বৰাৰ উদ্দেশ্যে প্ৰদান কৰা দেখা যায়।ভূপেন বৰাৰ কবিতা লিখা পেছাক তেও শুভেচ্ছা জনায়।