Local, Vocal, Global

প্ৰত্নতত্ববিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ১৫০ বছৰীয়া জন্ম জয়ন্তী পালন

 নিউজ ডেস্ক:প্ৰত্নতত্ববিদ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে যোৱা ৩০ ডিচেম্বৰৰ পৰা খুমটাইৰ ঢেকিয়ালত অনুষ্ঠিত হৈ আছে গ্ৰন্থ আৰু বাণিজ্য মেলা । এই গ্ৰন্থমেলা স্থলীতে দৈনিক দিনে-নিশাই আয়োজন কৰা হৈছে বিভিন্ন সাহিত্য-সংস্কৃতিৰ প্ৰতিযোগিতাকে ধৰি ভিন্নসুৰী অনুষ্ঠান ।

কালি নিশাও অনুষ্ঠিত হ’ল সাংস্কৃতিক অনুষ্ঠান । প্ৰচণ্ড শীতকো নেওচি ৰাইজে উপভোগ কৰিছে সাংস্কৃতিক অনুষ্ঠান । নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰটিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে গোলাঘাটৰ Shriram Transport Finance Company য়ে ৷ অসমীয়া সংস্কৃতিৰ বিভিন্ন নৃত্যৰ লগতে দুজনকৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিবেশন কৰিলে কালি নিশাৰ সাংস্কৃতিক অনুষ্ঠানত ৷ সাংস্কৃতিক ৰাইজৰ বিপুল‌ সহাঁৰিয়ে ধন্য কৰিছে আয়োজক সমিতিক ।

উল্লেখ্য যে, অহা ৭ আৰু‌ ৮ জানুৱাৰীত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব পণ্ডিত গৰাকীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী মূল কাৰ্যসূচী ।