প্ৰকাশ পালে মণিপুৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ প্ৰাৰ্থীৰ তালিকা

নিউজ ডেস্ক, ১৪ ফ্ৰেব্ৰুৱাৰীঃ সোমবাৰে কংগ্ৰেছে আগন্তুক মণিপুৰ বিধানসভা নিৰ্বাচন-২০২২ৰ এখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।
এই তালিকাত ৩০ জন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত কৰিছে। কংগ্ৰেছ দলটোৱে জাৰি কৰা এক জাননীত ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৩০ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
ছোনিয়া গান্ধী, ৰাহুল গান্ধী, জয়ৰাম ৰমেশ, প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিং, কানহাইয়া কুমাৰ আদিকে ধৰি বহু নেতা এই তালিকাখনত অন্তৰ্ভুক্ত কৰিছে।
আনহাতে মণিপুৰত দুটা পৰ্যায়ত অৰ্থাৎ ২৭ ফ্ৰেব্ৰুৱাৰী আৰু ৩ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ১০ মাৰ্চত ভোটগণনা কৰিব।