Local, Vocal, Global

প্ৰকাশ পালে কামৰূপ মহানগৰীৰ ২০২০ ৰ ভোটাৰ তালিকা

 নিউজ ডেস্কঃ কামৰূপ মহানগৰীৰ চাৰিটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১১ লাখ ৬১ হাজাৰ ৪৬৭ গৰাকী। তাৰ মাজত, তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪০ গৰাকী।

জালুকবাৰী সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪ হাজাৰ ৪৮১ জন।দিছপুৰ সমষ্টিত থকা মুঠ ভোটাৰৰ সংখ্যা ৪ লাখ ১৪ হাজাৰ ৮৫৬ গৰাকী। পূৱ গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৪১ হাজাৰ ৮৫ গৰাকী। পশ্চিম গুৱাহাটী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩ লাখ ১ হাজাৰ ৪৫ গৰাকী। চাৰিটা সমষ্টিৰ তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪০ গৰাকী।

কামৰূপ মহানগৰৰ ৫৪৬৩ গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে ভোটাৰ তালিকাৰ পৰা। ইয়াৰ কিছু সংখ্যকৰ মৃত্যু হৈছে, কিছু সংখ্যকৰ নাম দুবাৰ পঞ্জীয়ন হৈ আছিল।