Local, Vocal, Global

পুনৰ ক’ভিডত আক্ৰান্ত প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী

নিউজ ডেস্কঃ বি চি চি আইৰ সভাপতি তথা প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী পুনৰ ক’ভিডত আক্ৰান্ত হৈছে। ক’ভিড পজিটিভ ওলোৱাৰ পিছতেই তেঁওক কলকাতাৰ উডলেণ্ডচ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গাংগুলীয়ে দুবাৰকৈ ভেকচিন লোৱাৰ পিছতেই সকলো পেছাদাৰী কাৰ্যকলাপত অংশগ্ৰহণ কৰিছিল আৰু দেশ-বিদেশ ভ্ৰমণ কৰিছিল। ৪৯ বছৰীয়া সৌৰভ গাংগুলীৰ ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই সতৰ্কতামূলক ব্যৱস্থাৰ বাবে সোমবাৰে নিশা ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
               উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত সৌৰভ গাংগুলীক বুকুৰ বিষৰ বাবে একেৰাহে দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎকৰ মতে হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতেই তেঁওক জৰুৰীকালীন এঞ্জিওপ্লাষ্টি কৰা হৈছিল।
                 সৌৰভ গাংগুলীৰ পুনৰ ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ পাই অনুৰাগীসকলে আশু আৰোগ্য কামনা কৰিছে।