Local, Vocal, Global

পুনেত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক্ বক্সিঙত পদক লাভ কৰা ১২খেলুৱৈক কাকপথাৰত সম্বৰ্ধনা 


 নিউজ ডেস্ক:পুনেত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নচিপ-2021ত পদক অৰ্জন কৰা বৃহত্তৰ কাকপথাৰ অঞ্চলৰ পদক লাভ কৰা ১২গৰাকীকৈ খেলুৱৈক  আজি কাকপথাৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ আজি পুনেৰ পৰা কাকপথাৰ চহৰত উপস্থিত হোৱাৰ পিছতে কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘত কৈলাশপুৰ, ৩নং আলি নগাঁওবাসী ৰাইজৰ লগতে কাকপথাৰৰ কেইবাটাও সংগঠনৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

সোনৰ পদক লাভ কৰা জেমচ গোহাঁই, সোনমণি বৰুৱা, প্ৰীয়াংশো দেউঘৰীয়া, নিবিৰ গগৈ ৰূপ পদৰ লাভ কৰা শিৰাঞ্জলী দহোটীয়া, ভায়লীনা মৰাণ আৰু ব্ৰঞ্জ পদক লাভ কৰা দিপাংকৰ বৰুৱা, অংকুৰজ্যোতি মৰাণ, খিনজুৰী মাউত, লাকি চাংমাই, বিপ্লৱ দত্ত, বিদ্যালক্ষী নেওগক সম্বৰ্ধনা জনোৱা হয় ৷ খেলুৱৈ সকলৰ ভিতৰত কৈলাশপুৰ অঞ্চলৰ খেলুৱৈসকলক বিশাল শোভাযাত্ৰাৰে তিনিআলি নগাঁওলৈ আদৰি নিয়া হয় ৷