Local, Vocal, Global

পানামা পেপাৰছ লিক গোচৰত ইদিয়ৰ তলব ঐশ্বৰ্য ৰায় বচ্চনক


গুৱাহাটী:বলিউডৰ অভিনেত্ৰী ঐশ্বৰ্যৰায় বচ্চনক প্ৰৱৰ্তন সঞ্চালকয়ে পেপাৰছ লিক গোচৰত মাতি পঠিয়াইছে। সংস্থাটোৱে অভিনেত্ৰী গৰাকীক গোচৰটোৰ সন্দৰ্ভত তেওঁৰ বিবৃটি লিপিবদ্ধ কৰিবলৈ আজি কাৰ্যালয়ত উপস্থিত থাকিবলৈ কৈছে।অৱশ্যে, শেহতীয়া প্ৰতিবেদন অনুসৰি বচ্চনে প্ৰশ্নৰ বাবে আন এটা তাৰিখ বিচাৰিছে।
এ.এন. আইৰ মতে ইডিয়ে বিষয়টোত মানি লন্দাৰিং প্ৰতিৰোধ আইন ২০০২৩(পি এম এল এ)ৰ অধীনত এটা ধন ৰপ্তানিৰ গোচৰ ৰজু কৰিছে।
লিক টোৱে ২১৪,৪৮৮তকৈ ও অধিক অফশ্বৰ প্ৰতিষ্ঠানৰ বিত্তীয় বিৱৰণ উন্মোচিত কৰিছিল।আনকি কিছুমান ১৯৭০ দশকৰ নথিপত্ৰ পানামাৰ অফশ্বৰ ল ফাৰ্ম আৰু কৰ্পোৰেট সেৱা প্ৰদানকাৰী মোচাক ফনচেকাৰ দ্বাৰা লিক কৰা হৈছিল।এই তথ্য লিক হোৱা নামৰ ভিতৰত অভিনেত্ৰী গৰাকীও সাঙোৰ খাইছে।