পাঞ্জাৱত আৱদ্ধ হৈছে…. প্ৰধানমন্ত্ৰীদায়ী কোন ?প্ৰতিবাদী কৃষক নে পাঞ্জাৱৰ চৰকাৰ?

নিউজ ডেস্ক,৬জানুৱাৰী: পাঞ্জাৱত প্রধানমন্ত্রী মোদীয়ে প্ৰতিশ্ৰুতিৰ বন্যা লৈ এক কাৰ্যসূচীত যোৱাৰ সময়ত প্ৰতিবাদী কৃষকে অৱৰোধ কৰিলে মোদীৰ কনভয়। প্ৰায় ২০ মিনিটতকৈয়ো অধিক সময় ৰাস্তাত আৱদ্ধ হৈ থাকিল মোদীৰ কনভয়। এই বিষয়ক কেন্দ্র কৰি বিজেপিৰ কেন্দ্রীয় শীর্ষ নেতৃত্বই গৰিহণা দিলে পঞ্জাৱ চৰকাৰক তথা মুখ্যমন্ত্রী চৰণ জিৎ সিং চান্নীক। সমগ্র বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিলে। নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টিক গৰিহণা দি কয় যে কংগ্ৰেছে কেৱল ৰাজনীতিহে কৰে কিন্তু উন্নয়ন নিবিচাৰে। বলিউডৰ মোহময়ী অভিনেত্রী কংগনা ৰানাৱটেও বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে “প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত ত্ৰুটি পঞ্জাৱ এতিয়া দেশ বিৰোধীৰ ঘাটি”। এই সমগ্র বিতৰ্কৰ ওপৰত পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণ জিৎ সিং চান্নীয়ে মোদী চৰকাৰক প্ৰত্যাক্ৰমণ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে যে ” মোদীৰ নিৰাপত্তাত আমি কোনো ভুল কৰা নাই “। মোদী কেৱল বিজেপিৰে প্ৰধানমন্ত্ৰী নহয় সমগ্র দেশৰে প্ৰধানমন্ত্ৰী। পঞ্জাৱৰ কাৰ্যসূচীত ৭০ হাজাৰ লোকৰ বাবে আসনৰ ব্যৱস্থা কৰিছিল বিজেপিয়ে কিন্তু ৭ শ মানুহো উপস্থিত হোৱা নাছিল বাবেহে মোদীয়ে এই কাৰ্যসূচী বাতিল কৰিছে বুলি মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী চৰণ জিৎ সিং চান্নীয়ে। লগতে কয় যে পঞ্জাৱৰ কংগ্রেছ বৰ্তমান দুটা ভাগত বিভক্ত, তাৰে এটা ভাগে কংগ্রেছৰ ভাবমূর্তি দেশবাসীৰ ওচৰত ম্লান কৰিবলৈ এনে কাৰ্য কৰিছে। ইফালে পঞ্জাৱ বিজেপিয়ে এই সমগ্র ঘটনা সন্দৰ্ভত আজি পঞ্জাৱৰ ৰাজ্যপালক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে।
![]() |