Local, Vocal, Global

পশ্চিমবংগত ছটাকৈ বোমা উদ্ধাৰ

পশ্চিমবংগৰ মুৰ্শ্বিদাবাদ জিলাত উদ্ধাৰ হয় ছটাকৈ বোমা। উক্ত ঘটনাটোত জড়িত এজনক জিলাখনৰ কানাডী চাব-ডিভিছনৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। ধৃত লোকজন আনাৰুল শ্বেইখ নামেৰে চিনাক্ত কৰা হয়।

মুৰ্শ্বিদাবাদ জিলাৰ বোমা উদ্ধাৰকাৰী দলটোৱে এই বিষয়ে সংবাদ মাধ্যমক জনায়। পৰৱৰ্তী পৰ্যায়ত তদন্ত অব্যাহত থকাৰ কথাও তেওঁলোকে জানিবলৈ দিয়ে।