পঢ়াৰ বোজা সহিব নোৱাৰি যোৰহাটত ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰই গ্ৰহণ কৰিলে চৰমপন্থা
কলিতেই মৰহিল এটি সম্ভাৱনা।পঢ়াৰ বোজা সহিব নোৱাৰি যোৰহাটত ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰই গ্ৰহণ কৰিলে চৰমপন্থা।
যোৰহাট ডনবস্ক লিচুবাৰী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দেৱব্ৰত বিশ্বাস নামৰ ছাত্ৰ গৰাকীয়ে অত্যাধিক পঢ়াৰ বোজা সহিব নোৱাৰি চৰম পন্থা হাতত ললে। মাতৃৰ চাদৰৰ আচলত ধৰি জীৱনত আগবাঢ়িবলৈ বিচৰা দেৱব্ৰতে অৱশেষত মাকৰ শাৰীৰেই ডিঙিত ফাচি লগাই সামৰিলে জীৱন নাটকৰ এই চমু অধ্যায়।
মাত্ৰ লিখি থৈ গ’ল মাম্মী ,পাপা, বাই বাই।
জানিব পৰা অনুসৰি বিদ্যালয়তো অতি নম্ৰ আছিল দেৱব্ৰত। প্ৰতি সময়তে নম্ৰতাৰে শিক্ষক শিক্ষয়ত্ৰীৰ ওচৰলৈ অহা দেবব্ৰতৰ এই সিদ্ধান্তত হতভম্ব এতিয়া বিদ্যালয়ৰ শ্ৰেণী শিক্ষকৰ লগতে আন সকলো।
ঘৰৰ একমাত্ৰ সন্তান দেবব্ৰতৰ দৰে আন সকলে যাতে ভৱিষ্যতে এনে পন্থা গ্ৰহণ নকৰে তাৰ বাবে চকু দিয়াৰ দায়িত্ব বিদ্যালয় সমূহৰ লগতে ৰাজ্যৰ শিক্ষাব্যৱস্থাৰ বৰমূৰীয়া সকলৰ।