নৱবৰ্ষত হ’ব নোৱাৰিব পথ দূৰ্ঘটনামূলক মৃত্যু- কঠোৰ মহানগৰ প্ৰশাসন
গুৱাহাটী, ২৯ ডিচেম্বৰঃ নতুন বছৰলৈ মাজত মাথো দুটা দিন। নৱবৰ্ষ উদ্যাপনৰ উৎসাহ-উদ্দীপনাৰ মাজত কোনো পৰিয়াললৈ পথ দুৰ্ঘটনাৰ বাবে যাতে কাল অমানিশা নামি নাহে, মৃত্যুৰ বতৰা আহিব নোৱাৰে, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই কঠোৰ হৈ পৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। নৱবৰ্ষ উদ্যাপনৰ নামত পথ দুৰ্ঘটনা যাতে সংঘটিত নহয়, সেই উদ্দেশ্য আগত ৰাখি আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আৱকাৰী বিভাগ, জিলা পৰিবহণ বিভাগ আদিৰ বিষয়-ববীয়াৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰা হয়। জিলা অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, বিপুল কুমাৰ দাস, ড° ধ্ৰুৱজ্যোতি হাজৰিকাৰ উপৰি সকলো ৰাজহ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত উপস্থিত থকা এই সভাত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে অহা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত প্ৰশাসনৰ প্ৰায় সকলো বিষয়া জিলাখনৰ নিৰীক্ষণ কাৰ্যত নিয়োজিত থাকিব বুলি ব্যক্ত কৰে। ইতিমধ্যে মদ্যপান কৰি কোনো চালকে যাতে গাড়ী চলাব নোৱাৰে, তাৰ পৰীক্ষা তীব্ৰতৰ কৰাৰ বাবে কেবাটাও ‘ইনহেলাৰ এনালাইজাৰ’ জিলাত সংযোজন কৰা হৈছে। ইয়াৰোপৰি একোজনকৈ অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত জিলাখনৰ বিভিন্ন ঠাইত চলা নৱবৰ্ষৰ অনুষ্ঠান তথা বাৰ–হোটেলসমূহ মণিটৰ কৰিব পৰাকৈ একোটাকৈ নিৰীক্ষণকাৰী দল গঠন কৰি দিছে জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ পল্লৱ গোপাল ঝায়ে। এই নীৰিক্ষণকাৰী দলসমূহ বিভিন্ন ঠাইৰ তদাৰকৰ দায়িত্বত থাকিব। আনহাতে, বনভোজৰ দলৰ চালকসকলকো ভালদৰে নীৰিক্ষণ কৰা হ’ব। একেদৰে নিৰীক্ষণ কৰা হ’ব অলা, উবেৰ আদিৰ চালকসকলক। সভাত অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই অকনো সুৰুঙা নথকাকৈ নিজ নিজ দায়িত্ব পালন কৰিবলৈ নিৰীক্ষণকাৰী দলসমূহৰ প্ৰতি আহ্বান জনায়।