Local, Vocal, Global

নৱজাতকৰ আগমন প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ জীৱনলৈ

নিউজ ডেস্ক : প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে অৰ্জন কৰিলে পিতৃ হোৱাৰ গৌৰৱ। যুৱৰাজৰ পত্নী হেজেলৰ কোলালৈ আহিল এটি পুত্র সন্তান। যাৰ ফলত আনন্দত আত্মহাৰা হৈ পৰিছে তেওঁলোকৰ অনুৰাগী।

প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে টুইটাৰযোগে এই শুভবাৰ্তা জনাই তেওঁৰ অনুৰাগীসকলক। ইয়াৰ পিছতে সিঙৰ পৰিয়ালত আনন্দৰ জোৱাৰ উঠিছে । টুইটাৰ যোগে যুৱৰাজৰ পিতৃ যুগৰাজেও শুভেচ্ছা জনালে পুত্র যুৱৰাজ সিঙক । যুৱৰাজ সিঙৰ পিতৃয়ে নৱজাতকটিক ‘লিটল চেম্প” বুলি সম্বোধন কৰে।

সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলায় যুৱৰাজ সিঙক একালৰ সতীৰ্থ ইৰফান পাঠান, ভি ভি এছ লক্ষণ, সৌৰভ গাংগুলী আদি তাৰকা ক্ৰিকেটাৰে।