Local, Vocal, Global

নৌসেনাৰ বৃহৎ সাফল্যঃ চুপাৰচনিক ব্ৰক্ষ’চ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন

নিউজ ডেস্ক, ১১ জানুৱাৰীঃ আজি ভাৰতীয় নৌসেনাই  চুপাৰচনিক ব্ৰক্ষ’চ মিছাইলৰ সফল পৰীক্ষা কৰে। পশ্চিম উপকূলত নিয়োজিত যুঁজাৰু যুদ্ধবিমান আই এন এছ বিশাখাপট্টনমৰ পৰা উৎক্ষেপন কৰা হৈছে। নৌসেনাৰ এক সূত্ৰৰ মতে পৰীক্ষাৰ মতে ই সঠিক দূৰত্বলৈ গৈছিল আৰু মিছাইলে সঠিক লক্ষ্যত উপনীত হৈছিল। ইয়াৰপূৰ্বে, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ণ সংস্থা (ডি আৰ ডি অ’)ৰ দ্বাৰা বিকশিত ব্ৰক্ষ’চ চুপাৰচনিক ক্ৰুজ মিছাইলৰ আকাশী সংস্কৰণটো ডিচেম্বৰত সফলতাৰে পৰীক্ষা কৰা হৈছিল। তাৰোপৰি ২০২১ চনৰ ২৬ ডিচেম্বৰত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাৰমাণৱিক প্ৰতিৰোধ বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে ব্ৰক্ষ’চ ক্ৰুজ মিছাইল নিৰ্মাণৰ আশা কৰিছে যাতে কোনো শক্ৰ দেশে ইয়াৰ ওপৰত কু-দৃষ্টি দিব নোৱাৰে। লক্ষ্ণৌত প্ৰতিৰক্ষা প্ৰযুক্তি আৰু পৰীক্ষণ কেন্দ্ৰ আৰু ব্ৰক্ষ’চ নিৰ্মাণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষন দি তেঁও কয় যে-মিছাইল নিৰ্মাণৰ উদ্দেশ্য কাকো আক্ৰমণ কৰা নহয়, দেশক শক্তিশালী আৰু নিৰাপত্তা দিয়া।