নিৰ্বাচনমুখী মনিপুৰত কি কি প্ৰতিশ্ৰুতি দিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে?

নিউজ ডেস্ক, ১৯ ফ্ৰেব্ৰুৱাৰীঃ অহা ২৮ ফ্ৰেব্ৰুৱাৰী আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব মণিপুৰৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য ৰাজ্যখনলৈ হাই প্ৰফাইল নেতাৰ আগমন ঘটিছে। এইবাৰ মণিপুৰত উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। বিজেপি প্ৰাৰ্থী ওক্ৰাম হেনৰী সিঙৰ হৈ প্ৰচাৰ চলাইছে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে।
মণিপুৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে- পুনৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে ৰাজ্যখনৰ কৃষকসকলক অতিৰিক্ত ২০০০ টকাকৈ প্ৰদান কৰিব। লগতে তেঁও কয় যে, মোডী নেতৃত্বাধীন চৰকাৰে দেশত ৬০ হাজাৰ ষ্টাৰ্টআপৰ সৃষ্টি কৰিছে। যদিহে মণিপুৰত বিজেপি চৰকাৰ শাসনলৈ আহে তেন্তে ১ কোটি টকাৰ বিশেষ পুঁজিও প্ৰদান কৰা হ’ব।
তাৰোপৰি ৰাজ্যখনৰ যুৱ সমাজক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মন্ত্ৰীগৰাকীয়ে কয় যে, ১৮ বছৰৰ হোৱাৰ লগে লগে শিক্ষাৰ্থীসকলে বিনামূলীয়া লেপটপ পাব। লগতে যিসকল যুৱতীয়ে অধিক অধ্যয়ণ কৰিব বিচাৰে তেঁওলোকক দিয়া হ’ব বিনামূলীয়া স্কুটি। এই প্ৰচাৰৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে, ৰাহুল গান্ধী বা কংগ্ৰেছ চৰকাৰে দেশত ৬০ টা ষ্টাৰ্টআপ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল নেকি?