Local, Vocal, Global

নাকেৰে ল’ব পৰা ভেকচিনৰ ট্ৰায়েলৰ বাবে মঞ্জুৰি লাভ ভাৰত বায়’টেকৰ

ভাৰত বায়’টেকৰ দুয়োপালি ভেকচিনৰ সফলভাৱে প্ৰয়োগ হোৱাৰ পিছত এতিয়া নাকেৰে ল’ব পৰা বুষ্টাৰ ভেকচিনৰ ট্ৰায়েলৰ বাবেও মঞ্জুৰি লাভ কৰিছে সংস্থাটোৱে। ড্ৰাগ কণ্ট্ৰ’ল জেনেৰেল অব্‌ ইণ্ডিয়াই মঞ্জুৰি প্ৰদান কৰা বুষ্টাৰ ভেকচিনৰ পৰীক্ষণ দেশৰ নটা ঠাইত কৰা যাব বুলি জানিব পৰা গৈছে।

ভাৰত বায়’টেকে জনোৱা অনুসৰি, বুষ্টাৰ ড’জ হিচাপে ব্যৱহাৰ কৰিবলৈ এই ‘ইণ্ট্ৰ’নেজেল’ অৰ্থাৎ নাকেৰে সুমুৱাব পৰা ভেকচিন মানুহৰ মাজলৈ লৈ যাবলৈ সুবিধাজনক হ’ব। লগতে ইয়াৰ প্ৰয়োগৰ বাবে চিকিৎসাকৰ্মীসকলক বেলেগকৈ প্ৰশিক্ষণো প্ৰদান কৰা হ’ব বুলি সংস্থাই জানিবলৈ দিয়ে।