Local, Vocal, Global

নতুন নিষেধাজ্ঞাৰে ঘোষণা হ’ল ক’ভিডৰ নতুন এছ’পি

নিউজ ডেস্কঃ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ।দেশত যেন আৰম্ভ হৈছে কোৰোণাৰ তৃতীয় ঢৌ। অসমতো যোৱা মঙলবাৰৰ পৰা দ্ৰুতগতিত বাঢ়িছে কোৰোণা সংক্ৰমণৰ ঘটনা। শুকুৰবাৰৰ দিনটোত ৰাজ্যত প্ৰায় আঠশ লোকৰ শৰীৰত ধৰা পৰিল কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ এনে দ্ৰুত সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে কোৰোণাৰ নতুন এছ’পি। এছ’পি অনুসৰি-

*নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকে সান্ধ্য আইন।

*মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। চৰকাৰে মাস্ক পৰিধান নকৰিলে জৰিমনা বিহিব পাৰিব।

*হোটেল, চিনেমা হল, চৰকাৰী কাৰ্যালয় আদি কোনো ৰাজহুৱা স্থানতে ভেকচিন নোলোৱা মানুহ সোমাব নোৱাৰিব। কেৱল হাস্পতালহে ভেকচিন নোলোৱা মানুহ আহিব পাৰিব। ৰাজহুৱা প্ৰতিষ্ঠানত ভেকচিন নোলোৱা মানুহ সোমালে কৰ্তৃপক্ষই ২৫ হাজাৰ টকাৰ জৰিমনাৰ সন্মুখীন হ’ব।

*হোটেল, ৰেষ্টুৰেণ্ট আৰু চৰকাৰী কাৰ্যালয় আহিবলৈ হ’লে দুই পালি ভেকছিন ল’বই লাগিব ৷ দুই পালি ভেকছিন লোৱাসকলে চাৰ্টিফিকেট দেখুৱাইহে প্ৰৱেশ কৰিব লাগিব।

*চৰকাৰী কৰ্মচাৰী যিসকলে ভেকচিন লোৱা নাই, সেইসকলে ১৫ জানুৱাৰীৰ পিছত কাৰ্যালয়লৈ আহিব নোৱাৰিব।

*বিয়া আদি অনুষ্ঠানত ২০০ মানুহ আহিব পাৰিব।বিয়লি ভাগত কোনোধৰণৰ চুলাই ভাটি খুলিব নোৱাৰিব।

*কাইলৈৰ পৰা সকলো স্কুল পঞ্চম শ্ৰেণীলৈকে ৩০ জানুৱাৰীলৈকে বন্ধ। গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে বন্ধ।

*নৱম, দশম আৰুএকাদশ শ্ৰেণী অল্টাৰনেটিভ ৱেত চলিব।*নৈশ বাছ চলি থাকিব। কেৱল ডাবল ডোজ ভেকচিন লোৱা মানুহহে উঠিব পাৰিব। কিন্তু নিশা হোটেলত খাদ্য বহি খাব নোৱাৰিব।

*আন্তঃ জিলা যাতায়াত অব্যাহত থাকিব।