Local, Vocal, Global

নগাঁও আৰক্ষীৰ জালত ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লোৱা টেট শিক্ষয়ত্ৰী

নিউজ ডেস্ক,১০ ফ্ৰেব্ৰুৱাৰীঃ নগাঁও আৰক্ষীৰ জালত পৰিল অনুসূচীত জাতিৰ ভুৱা প্ৰমাণপত্ৰ লোৱা অসম চৰকাৰৰ টেট শিক্ষয়িত্ৰী। কাশ্যপ গোত্ৰৰ হোৱা স্বত্বেও অনুসূচীত জাতিৰ ভুৱা প্ৰমাণপত্ৰ দি ধিঙৰ ৰুন্তি দাস নামৰ এগৰাকী মহিলাই টেট শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত হৈ আছিল বৰাকৰ কৰিমগঞ্জত জিলাত। অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদ সংগঠনে দিয়া এজাহাৰৰ ভিত্তিত নগাঁও সদৰ থানাৰ উপপৰিদৰ্শক হাইদৰ হুছেইনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধিঙৰ পৰা ৰুন্তি দাসক আটক কৰে। অনুসূচীত জাতিৰ নোহোৱাকৈ ৰুন্তি দাসে কেনেকৈ ভুৱা প্ৰমাণ পত্ৰ লৈ টেট শিক্ষয়িত্ৰীৰ চাকৰি পালে সেইয়া আৰক্ষীৰ তদন্তত ফাদিল হ’ব।