Local, Vocal, Global

দৰিদ্ৰতাক নেওচি উজলিল কহঁৰা গাঁৱৰ নিৰ্জলা গণক

কলিয়াবৰ,২৯জুন : লক্ষ্যস্থিৰ হ’লে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰমান কৰিলে কাজিৰঙাৰ ২ নং কহঁৰা গাঁৱৰ নিবাসী পিতৃ চিমছন গণক আৰু মাতৃ জিনা গণকৰ সুযোগ্য কন্যা নিৰ্জলা গণকে।

ঘৰৰ আৰ্থিক অনাটনৰ মাজতে তৰ্জা বেৰৰ এটা সৰু কোঠালিত পঢ়িয়েই কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰী নিৰ্জলা গণকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা শিক্ষাতত্ব বিভাগৰ ষষ্ঠ ষান্মাষিকৰ চূড়ান্ত পৰীক্ষাত ৮২% নম্বৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত ১৭ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়। নিৰ্জলা গণকৰ সফলতাত গৌৰৱান্বিত কাজিৰঙাবাসী। 

উচ্চ শিক্ষা গ্ৰহণৰ প্ৰৱল ইচ্ছা থকা ছাত্ৰী নিৰ্জলা গণকে জনাই স্থানীয় বিধায়ক অতুল বৰা বা আন কোনোৱে যদি যদি আৰ্থিক সহযোগীতা আগবঢ়ায় তেন্তে আৰু আগলৈ পঢ়াৰ ইচ্ছা আছে।

উল্লেখ্য যে নিৰ্জলাৰ পিতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়াৰ লগতে মাতৃয়ে এখন সৰু দোকান দি কোনোমতে চলি আছে৷ অৰ্থনৈতিক প্ৰতিবন্ধকতাক নেওচি সফলতা অৰ্জন কৰা কাজিৰঙাৰ নিৰ্জলা গণকৰ উচ্চ শিক্ষা গ্ৰহণৰ আশা পুৰন হোৱাৰ কামনা কৰিলো।

লগতে পঢ়ক : Wall Collapse in Greater Noida Kills Three Children, Injures Five : হঠাতে খহি পৰিল এটা নিৰ্মীয়মাণ ঘৰ;নিহত ৩টা শিশু,আহত ৫টা শিশু