Local, Vocal, Global

দৰঙত পৌৰসভা নিৰ্বাচনৰ উদ্দেশ্যে ব্যাপক প্ৰচাৰ অভিযান কংগ্ৰেছৰ

নিউজ ডেস্ক,২২ ফ্ৰেব্ৰুৱাৰীঃ দৰঙৰ তিনিটা পৌৰসভা সমষ্টিৰ মঙ্গলদৈ পৌৰসভা , খাৰুপেটীয়া পৌৰসভা আৰু ছিপাঝাৰ পৌৰসভা নিজৰ দখলত ৰখাৰ বাবে কংগ্ৰেছে তীব্ৰতৰ প্ৰচাৰ অভিযান চলায়।
মঙলবাৰে জিলা ৰাজীৱ ভৱনত জিলাখনৰ পৌৰসভা নিৰ্বাচনত মনোনীত প্ৰাৰ্থীসকলক দলৰ তৰফৰ পৰা শুভেচ্ছা জনায়। এই অনুষ্ঠানত উপস্থিত থাকে মঙ্গলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, জিলা কংগ্ৰেছ সভাপতি কামিনী ডেকা, কাৰ্যকৰী সভাপতি চৰিফুল হক, সম্পাদক কন্দৰ্প কলিতাৰ উপৰিও জিলা কংগ্ৰেছৰ বিষয়-ববীয়াসকল আৰু পৌৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকল।