Local, Vocal, Global

দেশদ্ৰোহী শ্বেৰমান আলীক কঠোৰ শাস্তিৰ দাবী সদৌ অসম দেৱালয় সঙ্ঘৰ


গুৱাহাটী,২ ফ্ৰেব্ৰুৱাৰীঃ সদৌ অসম দেৱালয় সঙ্ঘৰ সভাপতি সুৰেশ চন্দ্ৰ ভট্টাচাৰ্য আৰু প্ৰধান সম্পাদক কৈলাশ শৰ্মাই এক বিবৃতিযোগে সকলো সময়তে সচ্চোৰে দেশবিৰোধী- জনবিৰোধী বক্তব্য আগবঢ়াই থকা বাঘবৰ সমষ্টিৰ দেশদ্ৰোহী বিধায়ক শ্বেৰমান আলীয়ে আজি পুনৰ বাঘবৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমত দেৱ দেৱালয়,মন্দিৰ,সত্ৰ আৰু সনাতন ধৰ্মীয় অনুস্থানৰ মাটি সন্দেহজনক বাংলাদেশী নাগৰিকৰ দ্বাৰা কৰি থকা বেদখল মুক্ত কৰাৰ বাবে যি এক সুদুৰপ্ৰসাৰী ব্যৱস্থা লোৱাৰ সময়তে ঐতিহ্যমণ্ডিত বৰপেটাৰ মইনবড়ি সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনে শান্তিপূৰ্ণ ভাৱে লোৱা ব্যৱস্থাৰ বিৰোধীতা কৰি ভাৰতীয় সংবিধানক বৃদ্ধাংগুষ্ঠ দেখুৱাৰ লগতে সমষ্টিৰ লোকসকলক ধৰ্মীয় উদ্মাদনাৰে উত্তেজিত কৰি চৰকাৰৰ বিৰুদ্ধে দেশদ্ৰোহী ভাষণ প্ৰদান আৰু আগন্তুক আহিব লগা দিনত তেওঁৰ বিৰোধীতা কৰা সকলক অতি কঠোৰভাৱে দমন কৰিবলৈ ব্যৱস্থা লোৱা হ ‘ব বুলি কোৱাৰ ওপৰিও জিলা প্ৰশাসনে সত্ৰখনৰ মাটিৰ সীমা নিৰ্ধাৰণ কৰা খুটি উভালি পেলাই এক আইন বিৰুদ্ধ কাৰ্যসুচী লোৱা বাবে গভীৰ ক্ষোভ প্ৰকাশ কৰে। লগতে অতিশীঘ্ৰে এইক্ষেত্ৰত অতিশীঘ্ৰে এইগৰাকী বহুবল্কী দেশদ্ৰোহী বিধায়ক শ্বেৰমান আলীৰ ওপৰত আইনৰ কঠোৰ ধাৰা প্ৰয়োগ কৰি লগতে তেওঁ‌ৰ বিধায়ক পদ খাৰিজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সভাপতি ভট্টাচাৰ্য আৰু প্ৰধান সম্পাদক শৰ্মাই আহ্বান জনাইছে যাতে ভৱিষ্যতে কোনেও এনেধৰনৰ দেশবিৰোধী আগবঢ়াবলৈ সাহস নাপায়।