ত্ৰিপুৰাৰ দুই বিজেপি বিধায়কৰ কংগ্ৰেছত যোগদান
নিউজ ডেস্ক,৮ ফ্ৰেব্ৰুৱাৰীঃ বিজেপিশাসিত ত্ৰিপুৰাত বিজেপিৰ খহন আৰম্ভ হৈছে। ত্ৰিপুৰা বিজেপিৰ দুজন বিধায়ক ক্ৰমে সূদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই বিধায়ক পদৰ পৰা পদত্যাগ কৰে। লগতে দুয়োজন বিধায়কে দলৰ প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰে। এই দয়োজন বিধায়কে আজি কংগ্ৰেছ দলত যোগদান কৰিব।
উল্লেখ্য যে,ত্ৰিপুৰাৰ সূদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাসহ ৪ বিধায়কে ইতিমধ্যে সাক্ষাত কৰে ৰাহুল গান্ধীক। আজি সূদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। তাৰোপৰি কাৰিকৰী কাৰণত আজি কংগ্ৰেছত যোগদান কৰিব নোৱাৰে দুই বিধায়কে। দিনৰ ২.৩০ বজাত AICCৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব দুই বিধায়কে। অনাগত দিনত আৰু ১৫ গৰাকী বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে।