Local, Vocal, Global

তৈলনগৰী দুলীয়াজানত আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন উদ্ধোধন

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৈলনগৰী দুলীয়াজানত আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন উদ্ধোধন কৰে। এই দুদিনীয়া সন্মিলনত ৰাজ্যখনৰ ৩৪ খন জিলাক প্ৰতিনিধিত্ব কৰা ৯৪ গৰাকী আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰে।
ইয়াৰ পূৰ্বে ৬ মাহ আগতে কাজিৰঙাত অনুষ্ঠিত প্ৰথমখন আৰক্ষী অধীক্ষক সন্মিলনত আৰক্ষী বিষয়াসকলক তেখেতসকলৰ ভূমিকা সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
এই সন্মিলনৰ প্ৰথম দিনটোত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা,বিমল বৰা, সঞ্জয় কিষান, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, জি অ চি ৪-কৰ্পচ লেঃ জেঃ ৰবীন খোশলা, এ অ’ চি (ভাৰপ্ৰাপ্ত)এয়াৰ মাৰ্শ্বাল ডি কে পাটনায়ক, অইলৰ মুখ্য পৰিচালন সঞ্চালক শ্ৰী এছ চি মিশ্ৰ আৰু অইলৰ আৱাসিক মুখ্য কাৰ্যবাহী শ্ৰী প্ৰশান্ত বৰকটকীকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।