তিনিচুকীয়াৰ ৰিজ’ৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা : পেৰাগ্লাইডিং কৰি থকা অৱস্থাতে সৰি পৰি যুৱকৰ কৰুণ মৃত্যু

তিনিচুকীয়াৰ এখন ৰিজ’ৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ তথা শোকাৱহ ঘটনা। গুইজানৰ ডিব্ৰু নদীৰ পাৰত অস্থায়ীভাৱে স্থাপন কৰা স্কাইলেণ্ড নামৰ এখন ৰিজ’ৰ্টত পেৰাগ্লাইডিং কৰি থকা সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। ঘটনা অনুসৰি, পেৰাগ্লাইডিং কৰি থকা অৱস্থাত ওপৰৰ পৰা সৰি পৰি কৰুণ মৃত্যুক সাৱটি লয় এজন যুৱকে।মৃত যুৱকজন লখিমপুৰৰ পংকজ গগৈ বুলি জানিব পৰা গৈছে।
উক্ত ঘটনাৰ পিছতে যুৱকজনক ততাতৈয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও মৃত্যু হয়।
উল্লেখযোগ্য যে, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ ছেনচিটিভ জ’নৰ ভিতৰত নীতি-বৰ্হিভূতভাৱে ৰিজ’ৰ্টখন স্থাপন কৰা হৈছে বুলি অভিযোগ উঠিছে।পূৰ্বৰ পৰাই বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকসকলে স্কাইলেণ্ডৰ বিৰুদ্ধে অভিযোগ তুলি আহিছে।