Local, Vocal, Global

ড্ৰাগছৰ বিৰুদ্ধে সৰৱ আৰক্ষী : গুৱাহাটীত গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰীক

ৰাজ্যজুৰি ড্ৰাগছবিৰোধী অভিযান সৰৱ হৈ থকাৰ সময়ছোৱাত গুৱাহাটীত গ্ৰেপ্তাৰ দুই সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী।

উল্লেখ্য যে, ভৰলুমুখ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম গুৱাহাটী আৰক্ষীৰ এটা দলে দুই সন্দেহযুক্ত ক্ৰমে দ্বীপজ্যোতি কলিতা আৰু জিতু দাসক মালিগাঁওৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে ৫৪.৭৭ গ্ৰাম সন্দেহযুক্ত হিৰোইন জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও, আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগদ ২৫,২০০ টকা, দুটাকৈ মোবাইল ফোন, এখন স্কুটী আৰু বাইক।