টি এল এ সদস্যসকলৰ অস্ত্র সম্বৰণ কলাক্ষেত্ৰত

গুৱাহাটী, ২৭ জানুৱাৰীঃ কলাক্ষেত্ৰত বৃহস্পতিবাৰে অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰাক্তন ইউ জি পি অ (UGPA) আৰু টি এল এ (TLA) সদস্যসকলে অস্ত্র সম্বৰণ কৰাৰ লগতে মূল সুঁতিলৈ প্ৰত্যাৱৰ্তন কৰে।
উক্ত অনুষ্ঠানত চৰকাৰৰ তৰফৰ পৰা আৰ এন এল এফ (RNLF), ইউ পি আৰ এফ (UPRF) , এন এল এফ বি (NLFB) , এন এচ এল এ (NSLA), এ ডি এফ (ADF)ৰ প্ৰাক্তন সদস্যসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
এই অস্ত্র সম্বৰণ অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাৰ লগতে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে উপস্থিত থাকে।