Local, Vocal, Global

টিকৰি সীমান্তত কৃষকৰ আত্মহত্যা, কি লিখি থৈ গ’ল অন্তিমটো টোকাত ?

 

দেশত কৃষকৰ আত্মহত্যা কোনো নতুন ঘটনা নহয় । এইবাৰ হাৰিয়ানাৰ এজন কৃষকে টিকৰি সীমান্তৰ কৃষি আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ স্থানৰ পৰা প্ৰায় সাত কিলোমিটাৰ দূৰত এডাল গছত চিপজৰী লয় । কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলনক সমৰ্থন কৰা কৃষকজনে এটি আত্মহত্যা টোকা লিখি থৈ গৈছে । আৰু আত্মহত্যাৰ পূৰ্বে লিখা এই টোকাটিত কৃষকজনে অন্তিমবাৰৰ বাবে কেন্দ্ৰই জাপি দিয়া কৃষি আইনখনৰ তীব্ৰ বিৰোধিতা কৰে । উল্লেখযোগ্য যে উক্ত কৃষি আইনখনৰ বাবেই তেওঁ এনে নিষ্ঠুৰ সিদ্ধান্ত লব লগীয়া হ’ল বুলি টোকাটিত উল্লেখ কৰে ।