জিঞ্জিৰি দেউৰীৰ হত্যাৰ ন্যায়ৰ অপেক্ষাত পৰিবাৰ

নিউজ ডেস্কঃ মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাই এতিয়াও তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। শুকুৰবাৰে দিনৰ ভাগত বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জিঞ্জিৰি দেউৰীয়ে পাঁচ মহলাৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল আৰু শনিবাৰে ছাত্ৰীগৰাকীৰ মৃত্যু হৈছিল। মৃত্যুৰ পিছতেই স্থানীয় ৰাইজে কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলৰ গেটৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্কুলৰ অধ্যক্ষা জোনালী দাসৰ দুৰ্ব্যৱহাৰৰ বাবেই ছাত্ৰী জিঞ্জিৰি দেউৰীয়ে আত্মহত্যা কৰা বুলি প্ৰতিবাদীসকলে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনায়। আনহাতে জোনালী দাসৰ হেচাত আৰক্ষীয়ে জিঞ্জিৰি দেউৰীৰ আত্মহত্যাৰ টোকা পৰিয়ালৰ লোকক দেখুওৱা নাই বুলি প্ৰতিবাদীসকলে অভিযোগ উত্থাপন কৰে। এটা সময়ত অধিক উত্তেজিত হৈ পৰা প্ৰতিবাদীসকলে স্কুলৰ গেটত তলা মাৰি ছীল কৰি দিয়ে। ইপিনে মৰনোত্তৰ পৰীক্ষা কৰি ছাত্ৰীগৰাকীৰ মৃতদেহ ঘৰলৈ অনাৰ পিছতেই স্থানীয় ৰাইজে কাহিলীপাৰাৰ ঘাইপথ অৱৰোধ কৰি মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে মডাৰ্ণ ইংলিছ স্কুলত অধ্যয়ণৰত অষ্টম শ্ৰেণীৰ ছাত্ৰী জিঞ্জিৰি দেউৰী আৰু স্কুলখনৰ অধ্যক্ষা জোনালী দাসৰ ভাতৃ তথা আৰক্ষী বিষয়াৰ পুত্ৰৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। জিঞ্জিৰি দেউৰীক শুকুৰবাৰে অধ্যক্ষা জোনালী দাসে কাৰ্যালয়ৰ কোঠালৈ মাতি আনি প্ৰেমৰ সম্পৰ্কৰ সন্দৰ্ভত সোধা পোছা কৰি দুৰ্ব্যৱহাৰ কৰে। অৱশেষত অধ্যক্ষা গৰাকীৰ দুৰ্ব্যৱহাৰত মানসিকভাৱে ভাগি পৰি স্কুলৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। অধ্যক্ষা জোনালী দাস আৰু প্ৰেমিকৰ পিতৃ আৰক্ষী বিষয়া হোৱাৰ বাবেই এই ঘটনা ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব নেকি পৰিয়ালটোৱে? আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতো আৰক্ষী উদ্ধোধন কৰ্তৃপক্ষই এতিয়ালৈকে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই। ইয়াকে লৈ বিভিন্ন মহলত প্ৰশ্নৰ উত্থাপন হৈছে। গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিঞ্জিৰি দেউৰীৰ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি দোষীক দৃষ্টান্তমৃলক শাস্তি প্ৰদান কৰাৰ সাহস দেখুৱাবনে? এয়া এক প্ৰশ্ন।