জামুগুৰিহাটত নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পিটাৰ চৌধুৰিক উষ্ম সম্বৰ্দ্ধনা

নিউজ ডেস্ক:শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙণীৰ বাৱে সম্বৰ্দ্ধনা বড়ো সমাজৰ শোনিতপুৰ জিলাৰ নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পিটাৰ চৌধুৰীক বুধবাৰে অসম অৰুণাচল সীমান্তবৰ্ত্তী অতি দূৰ্গম অঞ্চলৰ বড়ো জনগোষ্ঠীৰ মহিলাই উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
শিক্ষা বিষয়া গৰাকীয়ে অতি দূৰ্গম অঞ্চললৈ গৈ পিচপৰা জনগোষ্ঠীটোৰ কন কন শিশু সকলক শিক্ষাৰ পোহৰ বিলোৱাৰ ক্ষেত্ৰত সততে অগ্ৰণী ভূমিকা লৈ অহা বাবেই বুধবাৰে কেইবাগৰাকী সচেতন বড়ো মহিলাই আৰনাই পিন্ধাই শিক্ষা বিষয়া পিটাৰ চৌধুৰীক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷
জামুগুৰিহাটৰ মাধবস্থিত নদুৱাৰ প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্য্যালয়ত উপস্থিত হৈ বড়ো সম্প্ৰদায়ৰ সচেতন মহিলা কেইগৰাকীয়ে শিক্ষা বিষয়াৰ লগতে কাৰ্য্যালয়টোৰ বিষয়া কৰ্মচাৰী সকলকো সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ বড়ো মহিলা কেইগৰাকীয়ে পিছপৰা অঞ্চলটোত শৈক্ষিক সামাজিক পৰিবেশ গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা বাৱে আন্তৰিক শলাগ লয় নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পিটাৰ চৌধুৰীয়ে ৷