Local, Vocal, Global

জম্মু-কাশ্মীৰৰ এনকাউণ্টাৰত নিহত ৫ সন্ত্ৰাসবাদী

নিউজ ডেস্ক,৩০ জানুৱাৰী : বিভিন্ন অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ অব্যাহত আছে । শনিবাৰে নিশা পুলৱামা আৰু বুদগামত হোৱা দুটাকৈ এনকাউণ্টাৰত নিহত হয় ৫ টাকৈ সন্ত্ৰাসবাদী। আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে জনোৱা মতে পুলৱামাৰ নাইৰাত এনকাউণ্টাৰত কৰিমাবাদৰ জাহিদ ৱানী নামৰ এগৰাকী শীৰ্ষ কমাণ্ডাৰ আৰু এটা বিদেশী সন্ত্ৰাসবাদীসহ ৪ টা জৈইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী নিহত হয় ।আনহাতে বুদগামৰ চাৰাৰ-ই-চাৰিফ অঞ্চলত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত এটা সন্ত্ৰাসবাদী নিহত হয় । তেওঁ লগতে কয় যে যোৱা ১২ ঘণ্টাত ৫টাকৈ সন্ত্ৰাসবাদী নিহত হোৱাটো আৰক্ষীৰ বাবে এক বৃহৎ সফলতা । ইফালে ২০২২ চনত কাশ্মীৰত বিভিন্ন সংঘৰ্ষত ৭ গৰাকী বিদেশীসহ ২১ টা সন্ত্ৰাসবাদী নিহত হৈছে ।