Local, Vocal, Global

জম্মু-কাশ্মীৰৰ উগ্ৰপন্থীৰ গ্ৰেনেড আক্ৰমণত ৰাজ্যপালৰ গৰিহনা

নিউজ ডেস্ক,১২ ফ্ৰেব্ৰুৱাৰীঃ শুক্ৰবাৰে সন্ধিয়া উত্তৰ কাশ্মীৰ জিলাৰ নিশা এখন পাৰ্কৰ ওচৰত এটা টহলদাৰী দললৈ উগ্ৰপন্থীয়ে গ্ৰেণেড নিক্ষেপ কৰে।এই গ্ৰেণেড নিক্ষেপৰ ফলত পাঁচজন সুৰক্ষা বাহিনীৰ জোৱান আঘাতপ্ৰাপ্ত হয়। ইয়াৰে এজন জোৱানৰ মৃত্যু হৈছে আৰু আন চাৰিজন সংকটজনক অৱস্থাত আছে।
      জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৰ্ভণৰ মনোজ সিনহাই আজি বান্দিপোৰা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছে।
    এক টুইটযোগে লেফটেনেণ্ট গৱৰ্ণৰজনে কয় যে, “আমাৰ নিৰাপত্তাৰক্ষীসকলৰ ওপৰত হোৱা জঘন্য সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো।”
     গভৰ্ণৰ মনোজ সিনহাই মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।