জম্মু-কাশ্মীৰত ২ টা পৃথক এনকাউন্টাৰত জইছ-ই-মহম্মদৰ কমাণ্ডাৰ জাহিদ ৱানীকে ধৰি ৫ জন সন্ত্রাসবাদী নিহত

৩০ জানুৱাৰী: জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি দেওবাৰে দুটা পৃথক অভিযানত পাকিস্তানৰ পৃষ্ঠপোষকতাত নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তেবা (এল ই টি) আৰু জৈশ-ই-মহম্মদ (জেই এম) ৰ সৈতে জড়িত কমেও পাঁচজন সন্ত্রাসবাদী নিহত হয়।
বাতৰিটো নিশ্চিত কৰি কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰ কুমাৰে কয় যে এনকাউন্টাৰত নিষ্ক্রিয় হোৱা সন্ত্রাসবাদীসকল পাকিস্তান ভিত্তিক সন্ত্রাসবাদী সংগঠন লস্কৰ -ই-তৈবা আৰু জৈশ-ই-মহম্মদৰ সৈতে জড়িত আছিল। ইয়াক নিৰাপত্তা বাহিনীৰ বাবে এক ডাঙৰ সফলতা বুলি অভিহিত কৰি কুমাৰে জনায় যে নিহতসকলৰ ভিতৰত জেইএমৰ কমাণ্ডাৰ জাহিদ ৱানী আৰু এজন পাকিস্তানী সন্ত্রাসবাদীও আছে।
এই মাহত এতিয়ালৈকে ১১ টা এনকাউন্টাৰত পাকিস্তানৰ আঠজনসহ মুঠ ২১ জন সন্ত্রাসবাদী নিহত হৈছে। শণিবাৰে সন্ধিয়া কাশ্মীৰ জোন আৰক্ষীয়ে জনাইছিল যে পুলৱামাৰ নাইৰা অঞ্চলত সন্ত্রাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘর্ষ সংঘটিত হৈছিল। দক্ষিণ কাশ্মীৰৰ জিলাত ৰাতিটোৰ অভিযানত মুঠ চাৰিজন সন্ত্রাসবাদী নিহত হৈছিল।
উল্লেখ্য যে স্থানটোৰ পৰা অস্ত্র আৰু গোলাবাৰুদকে ধৰি আপত্তিজনক সামগ্রী উদ্ধাৰ কৰা হৈছিল।