Local, Vocal, Global

ছুপাৰষ্টাৰ ৰণবীৰ সিঙলৈ  চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ স্বীকৃতি ”দাদাচাহেব ফাল্কে ”বঁটা

নিউজ ডেস্কঃ  ছবি জগতৰ ছুপাৰষ্টাৰ ৰণবীৰ সিঙলৈ আগবঢ়োৱা হৈছে ”দাদাচাহেব ফাল্কে” বঁটা। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ বঁটা বুলি গণ্য কৰা হয় দাদাচাহেব ফাল্কে বঁটাক। ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত দাদাচাহেব ফাল্কে বঁটা ৰনবীৰলৈ প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰ জগতৰ বহু গন্য-মান্য ব্যক্তিৰ উপস্থিতিত জিলিকি উঠে দক্ষিণৰ ছুপাৰষ্টাৰ  আল্লু অৰ্জুন অভিনীত শেহতীয়া ছবি ‘পুষ্পাঃদ‍্য ৰাজ’ । উক্ত অনুষ্ঠানতে  সিদ্ধাৰ্থ মালহোত্ৰাৰ শ্বেৰশ্বাহ আৰু ভিকি কৌশলৰ ‘চৰ্দাৰ উধম’কো বিশেষ সন্মানেৰে সন্মানিত কৰা হয় । বলিউডৰ জনপ্ৰিয় অভিনেতা ৰনবীৰ সিঙে শ্ৰেষ্ঠ অভিনেতা আৰু কৃতি ছেননে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। কবীৰ খানৰ ‘৮৩’ নামৰ ছবিখনত কপিলদেৱৰ চৰিত্ৰত দুৰ্দান্ত  অভিনয়ৰ বাবে ৰনবীৰ সিঙে এই বঁটা লাভ কৰে ।আনহাতে ‘মিমি’ নামৰ ছবি খনৰ বাবে কৃতি ছেননে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা ।মুক্তি লাভ কৰিয়ে অধিক চৰ্চা লাভ কৰা  জনপ্ৰিয় তেলেগু ছবি ‘পুষ্পা‌ঃ দ‍্য ৰাজ’- এ লাভ কৰে বৰ্ষটোৰ শ্ৰেষ্ঠ ছবিৰ বঁটা ।য’ত দুৰ্দান্ত অভিনয় কৰে  তেলেগু অভিনেতা আল্লু অৰ্জুন আৰু অভিনেত্ৰী ৰশ্মিতা মান্ধানাই ।