চূড়ান্ত হ’ল মাজুলী উপনিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী
নিউজ ডেস্ক, ১৪ ফ্ৰেব্ৰুৱাৰীঃ বিজেপিয়ে ঘোষণা কৰিলে মাজুলীৰ উপনিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। মাজুলীৰ উপনিৰ্বাচনত বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিব ভূৱণ গামে।
আজি বিজেপিৰ হাইকমাণ্ড তথা কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে ভূৱণ গামৰ নাম নিৰ্বাচিত কৰে। অহা ৭ মাৰ্চ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৯ মাৰ্চত ফলাফল ঘোষণা হ’ব। আজি বিজেপিয়ে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেও কিন্তু অন্য দলসমূহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।