Local, Vocal, Global

চীনা গুপ্তচৰঃ দালাই লামাক ভাবুকি, বিহাৰ আৰক্ষীয়ে জালত পেলালে চীনৰ মহিলাক

বৌদ্ধ ভিক্ষু দালাই লামাক ভাবুকি প্ৰদান কৰাৰ পাছতে এগৰাকী চীনা মহিলাক চিনাক্ত কৰিছে বিহাৰ আৰক্ষীয়ে৷ বিহাৰ আৰক্ষীয়ে বুদ্ধগয়াৰ এগৰাকী চীনা মহিলাক দালাই লামা সন্দৰ্ভত চোৰাংচোৱা কৰাৰ অভিযোগত আটক কৰিছে। আটকাধীন মহিলাগৰাকীক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। জেৰাৰ পিছত মহিলাগৰাকীক চীনলৈ ঘূৰাই পঠিয়াবলৈ সাজু হৈছে ভাৰত চৰকাৰ। মহিলাগৰাকীক জিম্মাত লবৰ বাবে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল। প্ৰশাসনে স্কেচও মুকলি কৰিছিল। বিষয়াসকলে মহিলাগৰাকীৰ পাছপোৰ্ট আৰু ভিছাৰ বিৱৰণ সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল।

এছএছপি হৰপ্ৰীত কৌৰে কয় যে আমি স্কেচ্ছৰ অনুসন্ধান কৰি বোধগয়াৰ হোটেল ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ সৈতেও আলোচনা কৰিছিলো। আমি বিচাৰি উলিয়াইছো যে মহিলাগৰাকী ক’ত আছে।

তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামা বোধগয়াত এমাহধৰি থাকিবলৈ আছে। ইয়াৰ লগতে বোধগয়া কলাচক্ৰ খেলপথাৰত ধৰ্মীয় নেতা দালাই লামাৰ তিনিদিনীয়া আলোচনা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এগৰাকী চীনা মহিলাৰ স্কেচ্ছ মুকলি হোৱাৰ পিছত দালাই লামাৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

দালাই লামাই বৃহস্পতিবাৰে পুৱা বোধগয়াত এক সমাৱেশক সম্বোধন কৰিছিল। যদি আপুনি বিশ্বাসী, তেন্তে আপুনি আনৰ বিষয়ে চিন্তা কৰা উচিত। আমি সকলোৱে মানুহ হিচাপে জন্মগ্ৰহণ কৰিছো আৰু মই য’তেই বাস কৰোঁ, মই মানৱতাৰ বাবে কাম কৰি যাম বুলি কৈছিল দালাই লামাই৷