চিনেমা প্ৰেমীয়ে ওফৰালে আৰ এছ এছৰ ভাবুকিক।
পাথানে গঢ়িলে উপাৰ্জনৰ অভিলেখ।
ডিজিটেল ডেস্ক:- এডভান্স বুকিঙতো অভিলেখ গঢ়িছে ‘পাথানে’। চাৰি বছৰৰ মূৰত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে শ্বাহৰুখ খান। আৰু অনুৰাগীৰ উন্মাদনা শিখৰত উপনীত হৈছে। লগতে, বিতৰ্কৰ অন্ত পৰাৰ কোনো লক্ষণ দেখা পোৱা নাই। ইফালে পাঠান চিনেমাৰ টিকটৰ আগতীয়া বুকিং আৰম্ভ হৈছে।
ভাৰতৰ বাহিৰৰ কেইবাখনো দেশত বিতৰ্কিত পাথান চিনেমাৰ টিকটৰ আগতীয়া বুকিং আৰম্ভ হৈছে। ইউ এ ই, অষ্ট্ৰেলিয়া আৰু জাৰ্মানীত বুকিং আৰম্ভ হৈছে টিকটৰ আগতীয়া বুকিং। এতিয়ালৈকে পোৱা খবৰ অনুসৰি আৰব দেশত পাথানৰ ৩৫০০ টিকট বিক্ৰী হৈছে। অষ্ট্ৰেলিয়াত সাধাৰণতে শ্বাহৰুখ খানৰ জনপ্ৰিয়তা বহু কম। কিন্তু পাঠানে সকলো হিচাপ সলনি কৰিবলৈ ইংগিত দিছে। প্ৰথম দিনাই প্ৰায় ৩০০০ টিকট বিক্ৰী হৈছে অষ্ট্ৰেলিয়াত। শ্বাহৰুখৰ এই ছবিখনে আগতীয়াকৈ ৬৫ হাজাৰ অষ্ট্ৰেলিয়ান ডলাৰৰ ব্যৱসায় কৰিছে।
আনহাতে জাৰ্মানীত এতিয়ালৈকে ৮৫০০ টিকট বিক্ৰী হৈছে। তাৰ ভিতৰত প্ৰথম দিনাই ৪০০০ টিকট বিক্ৰী হৈছিল। মুঠৰ ওপৰত পাঠানৰ বিদেশৰ ব্যৱসায় ভালকৈ আৰম্ভ হৈছে।
একেদৰে ভাৰতত পাঠান বা ‘বেশৰাম ৰং’ক লৈ বিতৰ্ক অব্যাহত আছে। শেহতীয়াকৈ গুজৰাটত পাঠানৰ মুক্তিৰ বিৰুদ্ধে বজৰংগ দলে প্ৰতিবাদ সাব্যস্ত কৰে। চিনেমাৰ পোষ্টাৰ, অভিনেতা-অভিনেত্ৰীৰ ছবি জ্বলাই দিয়া হৈছে। সংগঠনটোৱে স্পষ্ট কৰি দিছে যে চেঞ্চৰ ব’ৰ্ডে যিয়েই নকওক, পাঠান গুজৰাটত চলিবলৈ দিয়া নহ’ব।
কিছুদিন পূৰ্বে আহমেদাবাদৰ বাস্তৰাপুৰৰ এটা শ্বপিং মলত বজৰং দলে আক্ৰমণ চলাইছিল। পাঠান ছবিখনৰ প্ৰচাৰ তাতেই চলি আছিল। হাতত আৰ এছ এছৰ পতাকা আৰু কান্ধত গদা লৈ বজৰং দলৰ সদস্যসকলে তালৈ সমদল উলিয়াই। শ্বাহৰুখ, দীপিকা, জনৰ প্ৰতিকৃতিত লাঠিৰে কোবাই প্ৰতিবাদ সাব্যস্ত কৰে। পোষ্টাৰবোৰ ধ্বংস কৰা হয়৷ আৰু শ্বপিং মলটো লণ্ডভণ্ড কৰা হৈছিল। মল কৰ্তৃপক্ষক তাত পাঠান ছবি প্ৰদৰ্শন হ’লে আৰু বৃহৎ প্ৰতিবাদৰ ভাবুকি দিয়া হয়।
উল্লেখযোগ্য যে, পাঠানে যশৰাজ ফিল্মছৰ চোৰাংচোৱা সমগ্র বিশ্বব্ৰহ্মাণ্ডত জনপ্রিয় হবলৈ ওলাইছে। ছবিখনত শ্বাহৰুখৰ বিপৰীতে এজন চোৰাংচোৱা এজেণ্টৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে। আনহাতে জন আব্ৰাহামক এটা সন্ত্ৰাসবাদী সংগঠনৰ মুৰব্বী হিচাপে দেখা যাব। ২৫ জানুৱাৰীত মুক্তি পাব পাঠান।