Local, Vocal, Global

এহাল কপৌ চৰাই আৰু এটা ভেলাঘৰ

এহাল কপৌ চৰাই আৰু এটা ভেলাঘৰ। এহাল কপৌ চৰাইৰ বাবেই এখন গাঁৱত ভেলাঘৰ জ্বলাই দিয়া নহল। ভোগালী বিহুৰ পৰম্পৰা স্বগীত ৰখিব লগা হল কপৌ চৰাই হালৰ বাবে।দৰঙৰ ছিপাঝাৰৰ ককাইতোলা বাসীয়ে বিহুত ভোজ-ভাত খাবৰ বাবে এটা ভেলাঘৰ সাজিছিল।

পিছে উৰুকাৰ পূৰ্বেই ভেলাঘৰত বাহ সাজিলে এহাল কপৌ চৰায়ে। কপৌ চৰাই হালে আনকি কণীও পাৰিলে ভেলাঘত, যাৰ বাবে কপৌহালৰ স্বাৰ্থতে গাওঁখনৰ ৰাইজে ভেলাঘৰটো জ্বলাই নিদি সংৰক্ষণ কৰিলে।

ৰাইজে সিদ্ধান্ত কৰিছে চৰাই হালে নিৰাপদে পোৱালী নজগোৱা পৰ্যন্ত ভেলাঘৰটোও প্ৰজ্বলন নকৰে। গাওঁখনৰ ৰাইজে দেখুৱালে প্ৰকৃতি প্ৰেমৰ এক অনন্য নিদৰ্শন।