ঘোষণা হ’ল শিক্ষা বিভাগৰ নতুন SOP

নিউজ ডেস্ক, ৮ জানুৱাৰীঃ আজিৰে পৰা ৰাজ্যত বন্ধ হ’ব বিদ্যালয়। চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম। কামৰূপ মেট্ৰ’ত অষ্টম শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান। অন্য জিলাত পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান। নৱম, দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত তিনিদিনকৈ হ’ব। আনহাতে গুৱাহাটী মহানগৰত নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান সোমবাৰ,বুধবাৰ আৰু শুক্ৰবাৰে অনুষ্ঠিত হ’ব। দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান প্ৰতি সপ্তাহৰ মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে অনুষ্ঠিত হ’ব। অন্য জিলাসমূহত ষষ্ঠ, অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে অনুষ্ঠিত হ’ব। সপ্তম, নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান মঙ্গলবাৰ, বৃহস্পতি আৰু শনিবাৰে অনুষ্ঠিত হ’ব। স্নাতক আৰু স্নাতকোত্তৰ ক্ষেত্ৰত যিসকল শিক্ষাৰ্থীয়ে সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰিছে তেঁওলোকে শ্ৰেণীকোঠাত উপস্থিত থাকিব পাৰিব।
সকলো শিক্ষা প্ৰতিষ্ঠানে অনলাইন মাধ্যমেৰে পাঠদান কাৰ্যসূচী অব্যাহত ৰাখিব পাৰিব। লগতে শিক্ষানুষ্ঠানসমূহত সপ্তাহত এবাৰকৈ চেনিটাইজ কৰাটো বাধ্যতামূলক। তাৰোপৰি ক’ভিড প্ৰট’কল মানি যেনে-মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা আদি বাধ্যতামূলক।
