ঘগৰাপাৰত চোৰাং গৰুসহ আটক কুখ্যাত গৰুচোৰ দুজন
গুৱাহাটী:
আজি ৰাতিপুৱা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে নিশাৰ তালাচীৰ সময়ত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ডেকা আৰু ধমধমা আৰক্ষী চকীৰ উপ-পৰিদৰ্শক লাচিত লহকৰৰ অভিযানত ৰঙাফালিত এখন গৰু ভৰ্তি কলা ৰঙৰ মেজিক ভেন জব্দ কৰে ।
ভেন খনৰ পৰা ৯ টাকৈ গৰু উদ্ধাৰ কৰে । ৰঙাফালিৰ পৰা নলবাৰীৰ মুকলমুৱা অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ তালাচীত জব্দ হয় চোৰাং গৰুভৰ্তি মেজিক খন। জব্দ হোৱা মেজিক ভেন এখনৰ নম্বৰ As 25DC 8582 ধৃত চোৰকেইটা ক্ৰমে, চপ্লাইকুছিৰ তাইজ উদ্দিন আলী আৰু সুৰাদীৰ আমচেৰ আলী বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডিবিধি আইনৰ অধীনত ৬৩১/২১ এক গোচ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।