Local, Vocal, Global

গৰুখুটিত উন্নয়নমূলক প্ৰকল্পৰ পোষকতা মন্ত্ৰী শুক্লবৈদ্যৰ


গুৱাহাটী:পৰিবেশ আৰু বন, মীন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দেওবাৰে বন আৰু মীন বিভাগৰ উচ্চপদস্ত বিষয়া সকলৰ সৈতে নামনি অসমৰ দৰং জিলাৰ চিপাঝাৰৰ গৰুখুটি অঞ্চল পৰ্যবেক্ষণ কৰি বিভিন্ন উন্নয়নমূলক প্রকল্প হাতত লোৱাৰ পোষকতা কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী শুক্লবৈদ্যই গৰুখুটি অঞ্চলত বনাঞ্চল আৰু মীনপালন ক্ষেত্ৰ বিষয়ক বিভিন্ন প্ৰকল্প ৰূপায়নৰ বাবে প্ৰাৰম্ভিক পৰ্যবেক্ষণ কৰে।শুক্লবৈদ্যই বন বিষয়াসকলৰ দ্ৰোণৰ জৰিয়তে প্রকল্প অঞ্চলটোৰ এক সমীক্ষা চলাই স্থানীয় ৰাইজক উপকৃত কৰিবলৈ সকলো দিশ সামৰি এক উপযুক্ত পৰিকল্পনা তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে।লগতে বন বিষয়া সকলক ঔষধীয় উদ্ভিদৰে সমৃদ্ধ এখন জৈৱ বৈচিত্ৰ উদ্যান স্থাপনৰ বাবে উপযুক্ত স্থান নিৰ্বাচন কৰিবলৈও নিৰ্দেশ দিয়ে।গৰুখুটি অঞ্চলত কৃষি বনাঞ্চল বা এগো ফৰেস্ত্ৰী আৰু অন্যান্য বনানী বিষয়ক প্ৰকপ্লৰ যথেষ্ট সম্ভাৱনা আছে আৰু অন্যান্য বনানী বিষয়ক প্ৰকপ্লৰ যথেষ্ট সম্ভাৱনা আছে আৰু বন বিভাগে এই অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত যথাসম্ভৱ প্ৰচেষ্টা চলাব।মুখ্যমন্ত্ৰীৰ এই সপোনৰ প্ৰকল্পটোৱে অন্য বহুতো প্ৰকল্পৰ বাবে পথ মুকলি কৰিব বুলি শুক্লবৈদ্যই মতপোষণ কৰে।
মন্ত্ৰী শুক্লবৈদ্যই মীন বিভাগৰ বিষয়া সকলকো জিলা প্ৰশাসনৰ সৈতে আলোচনাত বহি অঞ্চলৰ তুলনামূলকভাৱে নিম্ন ঠাই সমূহত পোনা পালন আৰু পুখুৰী নিৰ্মাণৰ প্ৰকপ্লৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
লগতে বন আৰু মীন বিভাগৰ অধীনত ৰূপায়ন হবলগা যিকোনো প্ৰকল্পলৈ আন্তৰিক সহযোগিতাৰ আশ্বাস দিয়ে।