Local, Vocal, Global

গোলাঘাটৰ আমোলাপট্টীত পুনৰ চুৰিকাণ্ড

গোলাঘাটৰ নতুন আমোলাপট্টীত চুৰিকাণ্ড। নতুন আমোলাপট্টীৰ প্ৰবাল দুৱৰাৰ গেলামালৰ দোকানত নিশা সংঘটিত হয় চুৰিকাণ্ড। দোকানৰ তলা ভাঙি চোৰে প্ৰায় ২০ হাজাৰ টকাৰ চাউল, মিঠাতেল, আটা, ময়দা আদি সামগ্ৰী লুটি নিয়ে। আৰু কিছু সামগ্ৰী দোকানৰ বাহিৰত পেলাই থৈ যায়। বুধবাৰে পুৱা প্ৰবাল দুৱৰাই দোকান খুলিবলৈ আহি দোকানৰ পৰিৱেশ প্ৰতক্ষ্য কৰি গোলাঘাট আৰক্ষীক খবৰ দিয়ে।

ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে পুৰ্বেও উক্ত স্থানত প্ৰবাল দুৱৰাৰ দোকানত নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰে  চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। উক্ত স্থানত পোহৰৰ ব্যৱস্থা কৰি দিবলৈ গোলাঘাট পৌৰসভাক দাবী জনায় স্থানীয় ৰাইজে।