Local, Vocal, Global

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন. এচ. এচ. গোটৰ ৫জন ছাত্র চেচ্ছাসেৱকৰ ৰাজ্যিক বটা লাভ


পূৰ্বৰ দৰে এইবেলিও যোৱা ১২ জানুৱাৰীত মহানগৰীৰ নেহৰু ষ্টেডিয়ামত ক’ভিড প্ৰটোকলৰ মাজেৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় যুৱ দিৱস | সভাত উপস্থিত থাকে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা, সাংস্কৃতিক তথা শক্তি বিভাগৰ মাননীয় মন্ত্রী বিমল বৰা, অতিৰিক্ত মুখ্য সচিব আই. এ. এচ. মনিন্দৰ সিং,ৰাজ্যিক যুৱ বিকাশ কৰ্মকৰ্তাৰ সদস্য সচিব পবিত্র মাৰ্ঘেৰিটা, ক্ৰীড়া সঞ্চালকালয় অসমৰ উপ সভাপতি লক্ষ্য কোঁৱৰ, সাহিত্য একাডেমী যুৱ বটা প্ৰাপ্ত দ্বীজেন চন্দ্র দাস, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালক এ. চি. এচ. নিবেদন দাস পাটোৱাৰী, উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় সেৱা আচনিঁৰ সঞ্চালক দিলীপ কুমাৰ তথা বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা প্ৰতিনিধি সমূহ | উল্লেখযোগ্য যে টকিঅ’ অলিম্পিক ২০২০ ত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঞি ও উক্ত সভাখনত উপস্থিত থাকে |

উক্ত অনুস্থানত ৰাষ্ট্ৰীয় সেৱা আচঁনি (এন.এচ.অচ.) ৰ ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষৰ ২০ জন চেচ্ছাসেৱক আৰু ১০ জন কাৰ্যসূচী বিষয়াক ৰাজ্যিক বটাঁ প্ৰদান কৰা হয়| গৌৰৱৰ বিষয় যে উক্ত বটাঁ প্ৰাপক সকলৰ ভিতৰত ১৪ জন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আচঁনি কোষৰ অধীনৰ সদস্য আৰু গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন. এচ. এচ. গোটৰ ৫জন সদস্যইএই ৰাজ্যিক বটাঁ পাবলৈ সক্ষম হয়| বটাঁ প্ৰায় সকল হ’ল নিতুল কলিতা, শৈলেন ডেকা, নাইজুল হক চৌধুৰী, কমল ডেকা আৰু ৰীতা গোৱালা| বটাঁ প্ৰাপক সকলে বিভিন্ন দিশত দিহা পৰামৰ্শৰে তেওঁলোকক সহায় আগবঢ়োৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি আৰু ৰিতুপৰ্ন বৰাক ধন্যবাদ জানাই | গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপ জ্যোতি সন্দিকৈ, পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথ আৰু ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে বটাঁ প্ৰাপক ছাত্ৰ সকলক শুভেচ্ছা জনায়