গুৱাহাটীৰ পৰা নামৰূপ অভিমুখী নৈশ বাছত প্রাণ গ’ল ক’ভিড আক্রান্ত মহিলাৰ
গুৱাহাটীৰ পৰা নামৰূপ অভিমুখী নৈশ বাছত প্রাণ গ’ল ক’ভিড আক্রান্ত মহিলাৰ
নলবাৰীত বিবাহত অংশ লৈ স্বামী–পুত্রৰে ঘৰলৈ ওভতাৰ সময়তে অঘটন
কালি নিশা গুৱাহাটী পৰা নামৰূপ অভিমুখী এ আৰ–১৬ এ–৪০০৫ নম্বৰৰ বৈকুণ্ঠ নামৰ নৈশবাছখনত মৃত্যু হয় এগৰাকী ক’ভিড–১৯ আক্রন্ত মহিলাৰ৷ নামৰূপ সাৰ উদ্যোগৰ কর্মচাৰী তথা আৱাসিক এলেকা ছেক্টৰ চি নিৱাসী নগেন চন্দ্র তালুকদাৰ কিছুদিন পূর্বে পৰিয়ালসহ নলবাৰীৰ এক বিবাহ অনুষ্ঠানলৈ গৈছিল৷ বিয়া শেষ কৰি তালুকদাৰৰ পৰিয়াল কালি বৈকুণ্ঠ ট্রেভেলছত নামৰূপলৈ বুলি ৰাওনা হৈছিল৷ কিছুদূৰ অতিক্রম কৰাৰ পাছতে পত্নী নামিতা তালুকদাৰ (৫৩) অসুস্থ হৈ বমি কৰে আৰু হঠাতে বাছৰ ভিতৰতে অচেতন হৈ পৰে৷ বাছৰ যাত্রীসকলে জনোৱা মতে, মহিলাগৰাকীয়ে বাছত উঠাৰ পৰাই কাহি আছিল৷ এনে কাণ্ডত আন যাত্রীসকলৰ মাজত হুৱাদুৱা লাগে৷
উপায়ান্তৰ হৈ অভিভাৱকে যোৰাবাট আৰক্ষী চকীত বাছ ৰখাই অচেতন হৈ পৰা ৰোগীগৰাকীক সহায়ৰ বাবে অনুৰোধ জনায় আৰক্ষীক৷ আৰক্ষীয়ে ততাতৈয়াকৈ মহিলাগৰাকীক সোণাপুৰ জিলা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসালয়ত চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে৷ পৰৱর্তী সময়ত মহিলাগৰাকীৰ এণ্টিজেন টেষ্ট কৰোঁতে ধৰা পৰা ক’ভিড–১৯ৰ উপস্থিতি৷
আনহাতে, মহিলাগৰাকী দীর্ঘদিনে মধুমেহ ৰোগতো আক্রান্ত হৈ আছিল বুলি জানিব পৰা গৈছে৷ ইফালে মৃত মহিলাগৰাকীৰ স্বামী–পুত্রক যোৰাবাটত এৰি বাছখনে আন যাত্রীসকলক নির্দিষ্ট স্থানসমূহত নমাই পুৱা নামৰূপ পায়হি৷ নামৰূপত নমা পাঁচজন যাত্রীৰ পুৱাই ক’ভিড টেষ্ট কৰি হোম কোৱাৰেণ্টেইনত থাকিবলৈ নামৰূপস্থিত চৰকাৰী চিকিৎসালয়ৰ তৰফৰ পৰা নির্দেশ দিয়া হয়৷ উক্ত মহিলাগৰাকীকে ধৰি বর্তমানলৈ নামৰূপত তিনিগৰাকী ব্যক্তিয়ে ক’ভিডত প্রাণ হেৰুৱাইছে যদিও নামৰূপবাসীয়ে বর্তমানলৈকে সজাগ হোৱা পৰিলক্ষিত হোৱা নাই৷