গুৱাহাটীৰ চচলত উত্তাল প্ৰতিবাদ
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ঠিকাভিত্তিক কনিষ্ঠ সহায়ক সন্থাৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলৰ হাতে হাতে ফ্লেগ,বেনাৰ আদি লৈ বিভিন্ন চৰকাৰবিৰোধী শ্লগানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তোলে।এন আৰ চিৰ চাকৰিৰ পৰা অব্যাহতি দিয়া কনিষ্ঠ সহায়কসকলক পুনৰ নিযুক্তিৰ দাবীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সদৌ অসম ঠিকাভিত্তিক কনিষ্ঠ সহায়ক সন্থাৰ উদ্যোগত মহানগৰীৰৰ চচলত থকা ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।
উল্লেখ্য যে, ২০১৪ চনত ৰাজ্যৰ গৃহবিভাগে এক নিৰ্দেশনাযোগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ২৬২ জন নিবনুৱা পদত নিযুক্তি দিছিল। ২০২১ বিধানসভা নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত ৰাজ্যচৰকাৰে এক নিৰ্দেশনা যোগে ২৬২জন নিবনুৱাক কনিষ্ঠ সহায়ক পদত নিযুক্তি দিছিল। ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক-মুহূৰ্তত ৰাজ্য চৰকাৰে এক নিৰ্দেশনাযোগে ২৬২ জন নিবনুৱাক কনিষ্ঠ সহায়ক পদৰ পৰা অব্যাহতি দিয়ে।
কনিষ্ঠ সহায়ক পদৰ পৰা অব্যাহতি দিয়া ২৬২ জন নিবনুৱাই ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীক বহুবাৰ আবেদন কৰিও কোনোধৰনৰ সঁহাৰি পোৱা নাই। বঞ্চিত ২৬২ জন নিবনুৱাই চৰকাৰৰ ওচৰত পুনৰ নিযুক্তিৰ দাবী জনাইছে। অন্যথা পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।